সোণালী ৰাজহাঁহ
The Golden Swan
এসময়ত, সোণালী পাখি থকা এটা ধুনীয়া ৰাজহাঁহ পুখুৰী এটাত বাস কৰিছিল। এগৰাকী দৰিদ্ৰ মহিলাই নিজৰ দুগৰাকী জীয়েকৰ সৈতে সেই পুখুৰীৰ ওচৰতে বাস কৰিছিল। হাহঁটোয়ে দৰিদ্ৰ মহিলাগৰাকীৰ দুখ দেখি তেওঁক তাৰ সোণালী পাখি এখন দি সহায় কৰাৰ কথা ভাবিছিল। অতি সোনকালেই, মহিলাগৰাকীয়ে এক আৰামদায়ক জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিলে, কিন্তু সময়ৰ লগে লগে, তেওঁ লোভী হৈ পৰিল আৰু হাহঁটোৰ গোটেইকেইখন পাখি পাবলৈ ৰাজহাঁহকেইটাক হত্যা কৰিবলৈ চেষ্টা কৰিলে। ইয়াৰ ফলত ৰাজহাঁহটোৰ খং উঠিছিল, আৰু কৈছিল যে সি কেতিয়াও ঘূৰি নাহে। মহিলাগৰাকীয়ে নিজৰ ভুল অনুভৱ কৰাৰ সময়লৈকে, বহুত পলম হৈ গৈছিল।